ৰক্তহীনতা কি ( What is Anemia )

ৰক্তহীনতা কি জানেনে??


সাধাৰণতে এজন সুস্থ ব্যক্তিৰ প্ৰতি ১০০ মিঃ লিঃ তেজত ১৩-১৪ গ্রাম হিমগ্লোবিন থাকে। কিন্তু যেতিয়া কিবা কাৰণত এই পৰিমাণ ১১-১২ গ্ৰামতকৈ কমি যায়, শৰীৰত হিম'গ্লবিনৰ পৰিমাণ কমি যোৱা বা শৰীৰৰ কোষবিলাকলৈ অক্সিজেনৰ সৰবৰাহ কমি যোৱা অৱস্থাকে ৰক্তহীনতা বা anemia বুলি হয়। 


কাৰ কাৰ ৰক্তহীনতা হোৱাৰ সম্ভাৱনা বেছি-



বিশ্বৰ জনসংখ্যাৰ প্ৰায় ২৫ শতাংশ লোক (অৰ্থাৎ ১.৬২ বিলিয়ন লোক) এনিমিয়া হয় ৷ আকৌ আমাৰ দেশ ভাৰতবৰ্ষত ৫০শতাংশ লোকেই এনিমিয়াগ্ৰস্ত৷ এক ৰাষ্ট্ৰীয় সমীক্ষামতে প্ৰতি দুগৰাকীৰ ভিতৰৰ এগৰাকী মহিলা হ’ল এনিমিয়াৰ ভুক্তভোগী।।

বিশ্ব স্বাস্থ্য সংস্থাৰ সংজ্ঞামতে তেজত থকা হিম’গ্লবিনৰ পৰিমাণ প্ৰতি ডেছিলিটাৰত ১১.০ গ্ৰামতকৈ কমি গ’লে ৰক্তহীনতা বা এনিমিয়া হোৱা বুলি কোৱা হয় ৷ অৱশ্যে গৰ্ভাৱস্থাত যিহেতু দেহত প্লাজমাৰ পৰিমাণ সাধাৰণভাৱেই বাঢ়ি যায়, সেয়ে এনে ক্ষেত্ৰত ১০ গ্ৰাম/ডেছিলিটাৰতকৈ কম হ’লে এনিমিয়া হোৱা বুলি ধৰা হয় ৷  


আজি কালি প্ৰায় বিলাক ছোৱালী আৰু গৰ্ভৱতী মহিলা ৰক্তহীনতাত ভুগা দেখা যায় , ৰক্তহীনতা পুৰুষতকৈ মহিলাৰ বেছি হোৱা দেখা যায়। সাধাৰণতে মহিলা আৰু যুবতীৰ প্ৰত্যেক মাহেকীয়া হওঁতে আৰু গৰ্ভৱতী মহিলাই গৰ্ভাৱস্থাত কোষবিভাজনৰ বাবে প্ৰচুৰ পৰিমাণে লো তেজৰ লগত নষ্ট হয়। গতিকে এই সকল মহিলাৰ ৰক্তহীনতা হোৱা দেখা যায়। তথাপিও কিছুমান কিশোৰ ল'ৰাৰো আজি কালি ৰক্তহীনতা হোৱা দেখা গৈছে। ।


এনিমিয়াৰ লক্ষণ সমূহ :-

Add caption


১/ সঘনাই ক্লান্ত বা ভাগৰুৱা অনুভৱ কৰা, 

২/দুৰ্বলতা বাঢ়ি যোৱা ,

৩/ছাল শেঁতা পৰা আৰু হালধীয়া হোৱা , 

৪/অনিয়মিত হৃদস্পন্দন, 

৫/উশাহ নিশাহ চুটি চুটি হব পাৰে, 

৬/চকুৰে জলক টবক দেখা,

৭/ বুকুৰ বিষ, 

৮/ভৰি হাত ঠাণ্ডা পৰি যোৱা আৰু ফুলি উঠা,

৯/ মূৰৰ বিষ ইত্যাদি।

ৰক্তহীনতা হোৱা কাৰণসমুহ:-



১/ পুষ্টিকৰ খাদ্যৰ অভাৱত ৰক্তহীনতা হয়।

২/ সময়তকৈ আগতে জন্ম হোৱা শিশুৰ লোৰ অভাৱত ৰক্তহীনতা হোৱা দেখা যায়। 


৪/ এগৰাকী মহিলাই অতি সঘনাই সন্তান জন্ম দিলে তেজত হিম'গ্লবিনৰ পৰিমাণ কমি যায় আৰু তেতিয়া ৰক্তহীনতাই দেখা দিয়ে।

৫/ মেলেৰীয়া, হাকোটা পেলু আদি বেমাৰত শৰীৰৰ ৰক্তকোষ বোৰৰ হানি হয় আৰু ফলত ৰক্তহীনতাই দেখা দিয়ে।


৬/ খাদ্যনলী বা পাকস্থলীৰ কেঞ্চাৰ বা ঘাঁ হ’লে শৰীৰৰ লো গ্ৰহণৰ ক্ষমতা কমি যোৱাত সেই ব্যক্তিয়ে ৰক্তহীনতাত ভোগে। 

৭/ যক্ষ্মা ৰোগ হোৱা ব্যক্তি বা সঘনাই ৰক্ত দান কৰা ব্যক্তিৰো ৰক্তহীনতা হোৱা দেখা যায়।


আইৰণৰ দৈনিক প্ৰয়োজনীয়তা কি কি কাৰণবোৰৰ বাবে বাঢ়ি যায় ৷


গৰ্ভাৱস্থাৰ আগত:


১/ ভুল খাদ্যাভ্যাস:

 আমাৰ বেছিখিনি আহাৰেই প্ৰধানতঃ কাৰ্বহাইড্ৰেট সমৃদ্ধ ৷ আহাৰত ফছফেট আৰু ফাইটিক এছিডৰ অধিক উপস্থিতিয়ে অদ্ৰৱণীয় আইৰণ ফছফেট আৰু ফাইটেটৰ পৰিমাণ অন্ত্ৰত বঢ়াই তোলে, ফলত আইৰণৰ শোষণ কমকৈ হয় ৷

২/ ঘুণীয়া শোষণ ক্ষমতা: 

অন্ত্ৰত পৰজীৱীৰ উপস্থিতি তথা বিভিন্ন ৰোগ সংক্ৰমণৰ লগতে অপুষ্টিৰ ফলত আইৰণ শোষণ ক্ষমতা কমি যায় ৷

৩/ দেহৰ আইৰণৰ অপচয়:


৪/ ঘামৰ মাধ্যমেদি প্ৰতি মাহে ১৫ মিলিগ্ৰাম পৰ্য্যন্ত আইৰণ দেহৰপৰা ওলাই যাব পাৰে ৷


৫/ কম ব্যৱধানত পুনৰাই গৰ্ভাৱস্থা: 

দেহত জমা থকা আইৰণৰ পৰিমাণ কমি যায় ৷

৬/ মাহেকীয়াৰ সময়ত অত্যাধিক ৰক্তক্ষৰণ ৷


৭/ হাকোটা কৃমি:

 এনে একোটা কৃমিয়ে প্ৰতিদিনে প্ৰায় ০.০৫ মিলিলিটাৰ তেজ শোষণ কৰিব পাৰে ৷ এই হিচাপত প্ৰতিদিনে গড়ে ০.৫ ৰপৰা ২ মিলিগ্ৰাম আইৰণ দেহৰপৰা নাইকিয়া হয় ৷

৭/ দীৰ্ঘদিনীয়া মেলেৰিয়া তথা পাইলছ (অৰ্শ/কেচুমূৰীয়া) বা গ্ৰহণী (ডিছেণ্টেৰী) আদিৰ ফলত হোৱা ৰক্তক্ষৰণ।


যদি গৰ্ভৱতী মহিলাৰ সঞ্চিত আইৰণৰ পৰিমাণ কমি যায়,
 তেন্তে নিম্নলিখিত কাৰণবোৰত তেখেতৰ এনিমিয়া হ’ব পাৰে:

১/ দেহত আইৰণৰ অধিক প্ৰয়োজনীয়তা ৷


২/ আইৰণৰ কম সেৱন:

 আগতেই উল্লেখ কৰা কাৰকবোৰৰ উপৰিও গৰ্ভাৱস্থাত ভোক কমি যোৱা বা বমিৰ উপস্থিতিও অন্যতম কাৰক ৷

৩/ আইৰণ শোষণ ক্ষমতা কমি যোৱা:

 ডুৱডেনামত এক অম্লজনিত পৰিবেশে আইৰণ শোষণ ক্ষমতা বৃদ্ধি কৰে ৷ বিভিন্ন ধৰণৰ এণ্টাছিড বা তেনেধৰণৰ ঔষধৰ ব্যৱহাৰে আইৰণ শোষণ ক্ষমতা কমাই তুলে ৷

৪/ ৰোগৰ সংক্ৰমণে লোহিত ৰক্ত কণিকা গঠন হোৱা প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰে ৷


৫/ গৰ্ভস্থ যমজ সন্তানৰ উপস্থিতিয়ে আইৰণৰ প্ৰয়োজনীয়তা দুগুণ বঢ়ায় তোলে ৷



এনিমিয়াৰ ডিগ্ৰী: 

হিম’গ্লবিনৰ পৰিমাণৰ (গ্ৰাম/ডেচিলিটাৰ) ওপৰত ভিত্তি কৰি এনিমিয়াক তলত দিয়াৰ দৰে ভগাব পাৰি:

৮ ৰপৰা ১০ ৰ ভিতৰত : 

মৃদু (মাইল্ড)


৭ ৰপৰা ৮ তকৈ কম : 

মডাৰেট


৭ তকৈ কম : 

অত্যাধিক (ছিভিয়েৰ)


বিভিন্ন প্ৰকাৰৰ ৰক্তহীনতা দেখা যায়। 


ক) আয়ৰণৰ অভাৱত হোৱা ৰক্তহীনতা 


খ) ভিটামিনৰ অভাৱত হোৱা ৰক্তহীনতা


*Megaloblastic anemia :-

 ইয়াত তেজত ভিটামিন বি ১২ বা ফলেট বা দুইটাৰে অভাৱ পৰিলক্ষিত হয়। পৰ্য্যাপ্ত ভিটামিন বি ১২ আৰু ফলেট যুক্ত খাদ্য সেৱন নকৰিলে এনেধৰণৰ ৰক্তহীনতাৰ সৃষ্টি হয়। 

*Pernicious anemia :- 

আমাৰ পাচন তন্ত্ৰৰ ক্ষুদ্ৰান্ত্ৰৰ বেৰত intrinsic factor বুলি এটা বস্তু থাকে যিয়ে খাদ্যৰ পৰা পোষকতত্ব অৱশোষণ কৰাত সহায় কৰে। যদি কিবা কাৰণত এই intrinsic factor ৰ পৰিমাণ কমি যায় তেন্তে ক্ষুদ্ৰান্ত্ৰই পোষকতত্বৰ লগতে ভিটামিন বি ১২ ও অৱশোষিত কৰি লব নোৱাৰে। ফলত শৰীৰত ভিটামিন বি ১২ ৰ অভাৱ পৰিলক্ষিত হয় আৰু ৰক্তহীনতাৰ সৃষ্টি হয় যাক pernicious anemia বুলি কোৱা হয়। 

Aplastic anemia :- 

এনে ধৰণৰ ৰক্তহীনতা হাড়ৰ মজ্জাত লোহিত ৰক্তকণিকা সৃষ্টিকাৰী কোষৰ অতিমাত্ৰা হ্ৰাস বা ধ্বংসপ্ৰাপ্ত হোৱাৰ ফলত উৎপন্ন হয়। ই জন্মগত হব পাৰে বা কোনো ঔষধৰ সেৱন, ৰেডিয়েচন, কেমো থেৰাপী বা হাড়ৰ মজ্জাৰ সংক্ৰমণ বা আঘাতৰ ফলতো সৃষ্টি হব পাৰে।

*থেলাচেমিয়া :- 

থেলাচেমিয়া এটা জন্মগত ৰক্তবিকাৰ। ইয়াৰ ফলত শৰীৰত কম সংখ্যক লোহিত ৰক্তকণিকাৰ লগতে কম পৰিমাণৰ হিম'গ্লবিনৰ সৃষ্টি হয়।

ৰক্তহীনতাৰ কাৰণ সমূহৰ ভিতৰত একেবাৰে শেষৰ কাৰণতো আছিল 

শৰীৰৰ লোহিত ৰক্তকণিকা ধ্বংস হোৱাৰ ফলত হোৱা ৰক্তহীনতা (Heamolytic anemia)


ৰক্তহীনতা কেনেকৈ নিৰাময় কৰিব পাৰি-


১/ ৰক্তহীনতা প্রতিৰোধৰ বাবে যথেষ্ট পৰিমাণৰ লো সমৃদ্ধ আহাৰ যেনে চাউল, ডাইল, সেউজীয়া শাক পাচলি, শুকান ফল, মাংস, কণী, লিভাৰ আদি আহাৰ খাদ্য তালিকাত অন্তর্ভুক্ত কৰিব লাগে। 

* তেনেদৰে ফলেট আৰু ইয়াৰ সংশ্লেষিত তত্ব ফলিক এচিড ফলমূল আৰু ফলমূলৰ ৰস, সেউজীয়া শাক-পাচলি, সেউজীয়া মটৰ, ৰাজমাহ, বাদাম, দাইল ইত্যাদিত পোৱা যায়।
*ভিটামিন বি ১২ সাধাৰণতে মাংস, গাখীৰ বা গাখীৰৰ দ্বাৰা বনোৱা খাদ্য, ধান বা ঘেঁহুৰ পৰা বনোৱা খাদ্য-শস্য, ছয়াবিন ইত্যাদিত পোৱা যায়।
*ভিটামিন চি চাইট্ৰাচ বা টেঙা ফল আৰু ফলৰ ৰস যেনে :- আমলখি, নেমু, সেউজীয়া ফুলকবি (broccoli), তৰমুজ, বিলাহী, ষ্ট্ৰবেৰী ইত্যাদিত পোৱা যায়। ই শৰীৰক আয়ৰণ অৱশোষণ কৰাত সহায় কৰে।

২/খাদ্য বিশেষে লোৰ গ্ৰহণীয়াতাও (iron absorption ) বেলেগ হ’ব পাৰে। মাংস, কণী আদিত থকা লোৰ তুলনাত শাক-পাচলিত থকা লোৰ গ্ৰহণীয়তা কম।


শৰীৰে লো গ্রহণীয়তা বঢ়াবৰ বাবে কেনে আহাৰ দৈনিক তালিকাত অন্তৰ্ভুক্ত কৰা উচিত ?


শৰীৰে লোৰ গ্ৰহণীয়তা বঢ়াবৰ বাবে ভিটামিন-চি চহকী আহাৰসমূহ যেনে টেঙা জাতীয় ফলসমূহ আমলখি, মধুৰী, নেমুটেঙা, গজালি ওলোৱা বুট, মগুমাহ আদি আহাৰৰ তালিকাত প্রতিদিনে অন্তৰ্ভুক্ত কৰা উচিত।

ফলিক এচিদ সমৃদ্ধ আহাৰ যেনে পালেং শাক, খুতুৰা শাক, মাহজাতীয় আহাৰ, তিল, আটা, লিভাৰ আদি আহাৰত থকা প্রয়োজন। বেছি সময় ৰান্ধিলে আকৌ আহাৰৰ ফলিক এচিদ নষ্ট হৈ যাব পাৰে। গতিকে আহাৰ প্ৰস্তুত কৰোঁতে এই কথা মনত ৰখাৰ প্রয়োজন|

কিছুমান আহাৰে শৰীৰৰ লো গ্ৰহণত বাধা প্রদান কৰে। সেইবোৰৰ ভিতৰত চাহত থকা “টেনিনে” লো গ্ৰহণত বাধা দিয়ে। গতিকে পৰিপুষ্টি বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে আহাৰৰ এঘণ্টাৰ আগত বা পাছত চাহ খালে লো গ্ৰহণত বাধা কমে।

আয়ুৰ্বেদিক চিকিৎসা :-

 আয়ুৰ্বেদত ৰক্তহীনতাক পাণ্ডু ৰোগৰ লগত তুলনা কৰা হৈছে। আয়ুৰ্বেদীয় চিকিৎসাত কাৰণ অনুযায়ী বিভিন্ন ৰক্তহীনতা বা পাণ্ডুৰোগৰ চিকিৎসা আগবঢ়োৱা হৈছে। যেনে- আয়ৰণৰ অভাৱত হোৱা ৰক্তহীনতাৰ বাব আমলখি,খিচমিচ, খেজূৰ, বীট, গাজৰ ইত্যাদি সেৱন কৰা উচিত।আমলখিত আয়ৰণৰ উপৰিও ভিটামিন চি থাকে যিয়ে আয়ৰণ অৱশোষণত সহায় কৰে। কেঁচা আমলখি নাপালে আমলখিৰ মুৰব্বা, চূৰ্ণ, ৰস ইত্যাদি সেৱন কৰিব পৰা যায়।

*৮-১০ টা খিচমিচ ৰাতি পানীত তিঁয়াই ৰাখি ৰাতিপুৱা সেৱন কৰিব পাৰি বা ইয়াক গাখীৰৰ লগত মিহলাইও সেৱন কৰা যায়।
*গৰম দিনত দৈনিক এটাকৈ আৰু ঠাণ্ডাৰ দিনত দৈনিক দুটাকৈ খেজূৰ সেৱন কৰিব লাগে ।
*ৰক্তকণিকা ধ্বংসপ্ৰাপ্ত হৈ সৃষ্টি হোৱা জণ্ডিচৰ বাবে আয়ুৰ্বেদত বহুতো ঔষধৰ উল্লেখ আছে। 


৩/ গৰ্ভৱতী মহিলাৰ গর্ভধাৰণৰ শেষৰ তিনিমাহ যথেষ্ট পৰিমাণৰ লো সেৱন কৰিলে গর্ভস্থ শিশুটিয়ে মাকৰ শৰীৰৰ পৰা এই লো আহৰণ কৰিব পাৰে। এনে কৰিলে শিশু স্বাস্থ্যবান আৰু সৱল হয়।


৪/ ভূমিষ্ঠ হোৱাৰ আগতে শিশুৱে যথেষ্ট পৰিমাণৰ লো বিচাৰে, কিয়নো জন্মৰ পাছত মাকৰ গাখীৰে এটি বৰ্দ্ধিত শিশুৰ বাবে আৱশ্যকীয় লো যোগান ধৰিব নোৱাৰে। গতিকে জন্মৰ সময়তো শিশুৰ শৰীৰত যথেষ্ট লো মজুত নাৰাখিলে শিশুটি ৰক্তহীনতাত ভুগিব পাৰে আৰু নানা সংক্ৰামক ব্যাধিয়ে শিশুটিক আক্রমণ কৰিব পাৰে। ৬ মাহৰ পৰা মাকৰ গাখীৰৰ উপৰিও শিশুটিক উপৰুৱা আহাৰ দিবলৈ আৰম্ভ কৰিব লাগে। উপৰুৱা আহাৰবোৰ হৈছে শাক-পাচলি, সিজোৱা ৰস, কোমল সিজোৱা ও মোহাৰি মণ্ড কৰা পাচলি, চাউল, ডাইল আদি মিহলাই প্রস্তুত কৰা আহাৰ। এনে আহাৰত যথেষ্ট পৰিমাণৰ লো থাকে। ইয়াকে নকৰিলে শিশুটি ৰক্তহীনতাত ভুগিব পাৰে।


ভাৰত চৰকাৰে ৰক্তহীনতা প্ৰতিৰোধৰ এখন ৰাষ্ট্ৰীয় আঁচনি যুগুত কৰিছে। ইয়াৰ দ্বাৰা প্রাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত গৰ্ভৱতী মহিলা আৰু স্কুললৈ যোৱাৰ আগৰ বয়সৰ ল’ৰা-ছোৱালীৰ বিনামূলীয়াকৈ আইৰণ আৰু ফলিক এচিডৰ যোগান ধৰে। এগৰাকী গৰ্ভৱতী মহিলাই ৫০ মিঃ গ্ৰাঃ আইৰণ ৫০০ মাইক্ৰগ্ৰাম ফলিক এচিড দৈনিক খাব লাগে।

ৰক্তহীনতা যিটোৱে নেকি কর্মক্ষমতা কমাই দেশৰ উৎপাদন ব্যাঘাত জন্মাব পাৰে। গতিকে ৰাইজ আৰু চৰকাৰ সকলোৱে চেষ্টা কৰি এই ৰক্তহীনতা ৰোধ কৰিব পাৰিলেহে এখন সমৃদ্ধশালী ভাৰত গঢ়িব পৰা যাব। তেন্তে আহকচোন আমি এই ৰক্তহীনতাৰ ওপৰত সজাগতা সৃষ্টি কৰোঁ, নিজেও সুস্থ থাকোঁ সমাজখনো সুস্থ আৰু নিৰ্মূল কৰি ৰাখোঁ।।

Comments