What is Diarrhea ? ডায়েৰীয়া কি ?

ডায়েৰিয়া কি?


ঘনাই পনীয়া শৌচ হৈ থকা অৱস্থাক সাধাৰণতে ডায়েৰিয়া বা অতিসাৰ অথবা পেটচলা অসুখ বুলি কোৱা হয়, ডায়েৰিয়া হ’লে পেটৰ ভিতৰৰ নাড়ীভূৰৰ লৰচৰ বাঢ়ি যায়। শৌচ বেছিকৈ, ঘনাই আৰু পনীয়া হয়।


পাকস্থলীত ৰসৰ নিঃসৰণৰ পৰিমাণ বাঢ়ি যোৱাৰ বাবে ঘনাই এই তলৰ পাকস্থলীৰ পৰা কমাই পেলাবলৈ মলভাণ্ডাৰলৈ পঠিয়াই দিয়াৰ ফলত এনে হবলৈ পায়।


ডায়েৰিয়া কেইটা ভাগত ভগাব পাৰি-


ডায়েৰিয়াক দুটা ভাগত ভাগ কৰিব পাৰি। 

দিনে পাঁচবাৰতকৈ বেছি পাতল পায়খানা হ’লে ইয়াক এবচলিউট ডায়েৰিয়া বোলা হয়। যদি সাধাৰণতকৈ বেছি পায়খানা হয় আৰু পাতল হয় তেন্তে ইয়াক  

ৰিলেটিভ ডায়েৰিয়া 

বোলা হয়।


আমাৰ দেশত ডায়েৰিয়া হোৱাৰ প্ৰধান কাৰণ হ’ল— 

ভাইৰাছ, বেক্টেৰিয়া আৰু এক কোষী জীৱৰ সংক্রমণ। ৰ’টা ভাইৰাছে ডায়েৰিয়া ৰোগ সৃষ্টিত মুখ্য ভূমিকা গ্রহণ কৰে। ৫ বছৰৰ তলৰ শিশুক এই ভাইৰাছে সহজে আক্রমণ কৰে। তেনেদৰে ভিব্ৰিঅ’ কলেৰি, ছালম’নেলা, ছিগেলা, ই-কলাই, কেম্পিল’বেক্টাৰ আদিৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলতো ডায়েৰিয়া হ’ব পাৰে। ই-কলাইৰ সংক্ৰমণত পাঁচ বছৰৰ তলৰ শিশুৰ লগতে বয়স্ক লোকৰো ডায়েৰিয়া হয়। সেইদৰে এমিবা, জিয়ার্ডিয়া আদি এককোষী আৰু পৰজীৱীৰ সংক্ৰমণৰ ফলতো ডায়েৰিয়া হয়।

গ্ৰীষ্মকালত ডায়েৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হোৱা দেখা যায়। 

ডায়েৰিয়া সৃষ্টি কৰা বেক্টেৰিয়া বা ভাইৰাছবোৰ সাধাৰণতে দূষিত পানী, দূষিত খাদ্যৰ জৰিয়তে শৰীৰত প্রৱেশ কৰে। ডায়েৰিয়া হ’লে ব্যক্তিজনৰ বা শিশুটিৰ শৰীৰত পানীৰ পৰিমাণ দ্রুতগতিত কমি যায়। ফলত ৰোগীজন জলাভাৱত (Dehydration) ভোগে , ইলেক্ট্ৰলাইট (খনিজ)ৰ সমতা নষ্ট হোৱা (নিমখৰ পৰিমাণ কমি যোৱা) আৰু মলদ্বাৰত খজুৱতি হোৱা দেখা যায়। সঠিক সময়ত উপযুক্ত চিকিৎসা নকৰিলে এনে ৰোগী, বিশেষকৈ শিশু মৃত্যু মুখত পৰা সম্ভাৱনা বেছি। 


ডায়েৰীয়া হ'লে কি কি কৰিব লাগিব আৰু কি কি কৰিব নালাগে-


1/ ডায়েৰীয়া প্ৰথম অৱস্থাত জুলীয়া খাদ্য খুৱাৱ লাগে আৰু যিমান আহাৰ খাব বিচাৰে সিমান পৰিমানৰ খাদ্য সঘনাই খুওৱাৱ লাগে।


2/ কেতিয়াবা দেখা যায় যে ভাত খোৱাৰ লগে লগে ৰোগীয়ে বমি কৰি দিয়ে।এই ক্ষেত্ৰত ৰোগীক একেলগে বেছি পানী খাব দিব নালাগে।তাৰ পৰিৱৰ্তে অলপ অলপকৈ দিনটোত কেবাবাৰো খাবলৈ দিব লাগে।


3/ খাদ্য প্ৰটিনযুক্ত হোৱা দৰকাৰ।শিশুৰ ডায়েৰীয়া ৰোগ হলে মাকৰ গাখীৰ সঘনাই খুৱাব লাগে যেতিয়ালৈকে কেচুৱাৰ প্ৰস্ৰাৱ স্বাভাবিক নহয়।


4/ আক্রান্ত লোকজনক বা শিশুটিক প্রাথমিক পথ্য হিচাপে অ’ আৰ এছ (Oral Rehydration Salts) খাবলৈ দিয়া হয়। । অ’আৰএছ (ORS) বা অৰেল ৰিহাইদ্ৰেচন ছলিওচন ক্লিনিক বা দোকানত পায়। ইযাক বিশুদ্ধ পানীৰ লগত উপযুক্তভাৱে মিশ্ৰণ কৰি ডায়েৰিয়াত ব্যৱহাৰ কৰিব পাৰি।


5/ পৰিষ্কাৰ বীজাণু মুক্ত গৰম পানী, নাৰিকলৰ পানী বা ভাতৰ পানী খোৱাই ডায়েৰিয়া বাধা দিব পাৰি। কেঁচুৱাৰ কাৰণে মাকৰ গাখীৰ সৰ্বোকৃষ্ট।


6/ ডায়েৰিয়া হোৱা লৰা-ছোৱালীক সুস্বাদু আহাৰ দিব লাগে যাতে সিহঁতৰ শৰীৰে শক্তি পায় আৰু দুৰ্বলতা কমি যায় ।


7/ ডায়েৰিয়াৰ পৰা হোৱা ডিহাইদ্ৰেছন ৰোধ কৰিবলৈ অতি কাৰ্য্যকৰী, কম খৰচী আৰু সুবিধাজনক “সহজ দ্ৰৱন” নিজে ঘৰতে প্ৰস্তুত কৰি লব পাৰি।


এক লিটাৰ অৰেল ৰিহাইদ্ৰেছন চলিউচন- চেনি পানী আৰু নিমখেৰে ঘৰতে প্ৰস্তুত।


উপকৰণসমূহ-


এচামুচ নিমখ।


আঠ চামুচ চেনী।


এক লিটাৰ বিশুদ্ধ খোৱা পানী বা পানী উতলাই চেঁচা কৰা পানী। (৫ কাপ, একাপত প্ৰায় ২০০ মিলিলিটাৰ)।


প্ৰস্তুত প্ৰণালীঃ


1/পানীত চেনী আৰু নিমখ খিনি ঢালি সম্পূৰ্ণ গলি নোযোৱালৈকে লৰাই থাকিব লাগে।


2/দ্ৰৱন পনীয়া শৌচ হোৱা ডায়েৰিয়াত আক্ৰান্তসকলৰ বাবে অতি উন্নত আৰু কাৰ্য্যকৰী। ই বজাৰত পোৱা লবনৰ পৰিপূৰক।ডায়েৰিয়া বন্ধ নোহোৱালৈকে এই দ্ৰৱণ খুৱাই থাকিব লাগে। সাধাৰণতে ৩ৰ পৰা পাঁচদিনৰ ভিতৰত ডায়েৰিয়া ঠিক হৈ যায়।

3/ ডায়েৰিয়া হোৱা ৰোগীক গাখীৰ দিয়া উচিত নহয়। তাৰ পৰিৱৰ্তে সিজোৱা দাইল,সিজোৱা পানী,বিন মটৰমাহ,পটল,বেচি তেল নথকা জোল আদি প্ৰটিনযুক্ত খাদ্য ভালদৰে সিজাই খুওৱাব লাগে।

4/ ভালদৰে সিজোৱা খাদ্য খোৱা উচিত।

5/ ফল-মূল, শাক-পাচলি বা আন যিকোনো কটা বস্তু ভালদৰে ঢাকি ৰাখিব লাগে।

6/খাদ্য প্রস্তুত কৰাৰ আগেয়ে, খাদ্য খোৱাৰ আগেয়ে, কেঁচুৱাক আহাৰ খুওৱাৰ আগেয়ে আৰু শৌচ কৰাৰ পাছত ভালদৰে চাবোন ব্যৱহাৰ কৰি হাত ধুব লাগে।

7/খাদ্যবস্তুত মাখি পৰিবলৈ দিব নালাগে। মাখিয়ে ৰোগ বিয়পায়।

8/ বাচন-বর্তন পৰিষ্কাৰ কৰি ৰাখিব লাগে। ব্যৱহাৰ কৰাৰ আগেয়ে সেইবোৰ পুনৰ ধুই ল’ব লাগে।

9/আক্রান্ত শিশুক অ’ আৰ এছৰ লগতে জিংক বড়ি আৰু পনীয়া খাদ্য খুৱাই থাকিব লাগে।

10/স্তনপান কৰি থকা শিশুক স্বাভাৱিকভাৱে স্তনপান কৰাই থাকিব লাগে।

11/ মিথি গুটি গুড়ি কৰি দৈৰ লগত(৩ গ্ৰাম) লৈ খালে আমাশয় গুছে।

12/ ১০০ গ্ৰাম শুকান ধনিয়া আৰু ২৫ গ্ৰাম ক’লা নিমখ গুড়ি কৰি লওঁক আৰু খোৱাৰ পাছত ২ গ্ৰাম(আধাত চামুচ) মুখত দি অলপ পানী খাওক। ১-২ সপ্তাহ নিয়মিত ভাৱে খালে এই পৰিস্থিতি দূৰ হ’ব।

13/ শুকান আমলখি পানীত তিয়াই ঢিলা কৰি লৈ ক’লা লোণ সমমাত্ৰাত লৈ বাটি লওক আৰু আধা চামুচ বা ৩ গ্ৰামৰ একোটাকৈ বড়ি কৰি ৰ’দত শুকাই লওক। দিনত খোৱাৰ আধা ঘন্টা পাছত দুবাৰ একোটাকৈ বড়ি খাওক। ২১ দিনৰ পৰা এমাহলৈ খাওক গ্ৰহণী বা ডিছেন্ট্ৰি ৰোগৰ সমস্যা দূৰ হ’ব।

14/ ১২৫ মি:লি: দৈৰ সৈতে দুটা পকা কল সানি লৈ একেৰাহে ২১ দিনৰ পৰা এমাহলৈ খাওক। পনীয়া শৌচ হোৱা, সাঁও পৰা, তেজ যোৱা আদি সকলো ধৰণৰ হাগনিৰ অসুখ নিবাৰণ হ’ব। ইয়াৰ দ্বাৰা অন্ত্ৰৰ সকলো গণ্ডগোল নিৰ্বাপিত হয়

15/কান ধনিয়া চূৰ্ণ ১২ গ্ৰাম(ভৰা ২ চামুচ) আৰু মিছিৰি ১২ গ্ৰাম(২ চামুচ) গুড়ি কৰি মিহলাই লৈ আধাকাপ পানীত লৈ দিনত ২ বাৰকৈ এসপ্তাহ খাওক উপকাৰ পাব

16/ পূৰঠ কেঁচা অমিতা এটা তেল, মছলা আদি নিদিয়াকৈ ৰন্ধা আঞ্জা(লোণ দিব) এমাহ খালে আলচাৰৰ অসুখ ভাল হয়

17/ মধুৰি-আমৰ কুমলীয়া আগৰ তিনিটা পাত ছিঙি আনি নিমখ লগত খাব, একেৰাহে তিনিদিন খাব লাগে

18/ এটা আপেল টুকুৰা টুকুৰ কৰি কাটি অলপ পানীত(তল যোৱাকৈ) ১৫ মিনিট সিজাব লাগে। তাৰ পাছত তাত ২ চামুচ মৌ মিহলাই লৈ তেনেকৈ কেইদিনমান খালে উপকাৰ হয়

 19/ ২ চামুচ নহৰুৰ ৰস সামান্য পানীৰে একেৰাহে ১৫ দিন খালে গেছট্ৰিক আলচাৰ, পেপটিক আলচাৰ ভাল হব ।।

22/১০০ গ্ৰাম কেঁচা কল(পুৰাকল) হালধিৰ ৰসত সানি লৈ ৰাতিপুৱা আৰু গধূলি কিছুদিন খালে খাদ্যনলীৰ ঘাৰ অসুখ আৰোগ্য হয়।।।।।


Comments