Health Benefits of Papaya (স্বাস্থ্য ৰক্ষাত অমিতা):

আৰম্ভণি- 

অমিতাৰ বৈজ্ঞানিক নাম হৈছে Carica papaya, প্ৰায় গোটেই বছৰেই ফুল আৰু ফল হয়। কেঁচা ফল সেউজীয়া, পকা ফল হালধীয়া আৰু কমলা বৰ্ণৰ, বছৰৰ সকলো ঋতুতে সহজলব্ধ অমিতা আমি সকলোৱে চিনি পোৱা এবিধ সুস্বাদু ফল । পকিলে খাবলৈ মিঠা আৰু বৰ সোৱাদ হোৱাৰ লগতে কেচা অমিতা পাচলি হিচাবে নানা তৰহৰ ব‍্যঞ্জন বনাই খোৱা হয় । 

ইংৰাজী Papaya নামটো বিশ্বৰ আন বিভিন্ন ভাষাটো প্ৰচলিত; তাৰে কেইটিমান উদাহৰণ হ'ল - স্পেইন, নৰৱে, জাৰ্মানী,মালটা, চুইডেন, আয়াৰলেণ্ড, হাংগেৰি, ৰোমানিয়া, উজবেক, টাৰ্কি,ফিলিপিনো, ইণ্ডোনেচিয়া আদি দেশৰ ভাষা ৷ ফ্ৰান্সত বোলে - Papaye ৷ টাই ভাষাত মাক কাং, ৰাচিয়া আৰু ইউক্ৰেইনত বুলে - Papayya ৷ বাংলাত পেঁপে, হিন্দীত পপীতা, নেপালিত মেৱা,মধুফল আৰু অমৃতা, মাৰাঠীত পপই, গুজৰাটীত পপায়ু, তামিলত পপালি কাই, তেলেগুত বব্বায়া,মলয়ালমত প'পায়া নামেৰে অমিতা পৰিচিত ৷ আমাৰ অসমীয়াত অমিতাৰ আন নাম হ'ল মধু ফল, অমৃতা, মৈথ ফল, অমৃত ফল ৷ কাৰ্বি ভাষাত মেনচপি আৰু মেংচপি ৷ ডিমাচাত খোফল আৰু গৈফল ৷ আয়ুৰ্বেদীয় নাম - অমৃততুম্বী ।


অমিতাত কি কি পুষ্টি আছে-

অমিতাত দেহৰ উপযোগী প্ৰটিন, ভিটামিন এ, ভিটামিন বি গোট, ভিটামিন চি, ই, কে , ফাইবাৰ, আইৰন, পটেচিয়াম, মেগনেচিয়াম, কেলচিয়াম, ফচফৰাচ, ক'পাৰ,জিংক,চডিয়াম, এন্টিঅক্সিডেন্ট, ফাইটো নিউট্ৰিয়েন্ট, লাইকোপেন, কেৰ"টিন, বিটাকেৰ"টিন, পেপেইন এনজাইম, আলকালয়েড আদি নানাবিধ পুষ্টি আৰু পোষক তত্বৰে ভৰপূৰ ।

 


অমিতাৰ গুণাগুণৰ বিষয়ে জানোঁ আহক- 


1. অমিতাই দেহ সুস্থ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

2. শৌচ খোলোচা নোহোৱা, সময়মতে বা দুই তিনি দিনলৈ শৌচ নোহোৱা বা কৌষ্ঠকাঠিন্য আদি লক্ষণ বহুতো ব্যক্তিৰ ক্ষেত্ৰতেই দেখা যায় । অমিতাই পৰিপাক তথা হজমশক্তি বঢ়ায় , কৌষ্ঠকাঠিন‍্য দুৰ কৰি শৰীৰৰ অলাগতিয়াল পদাৰ্থ toxin বাহিৰ কৰায় । 

3. পাইল্চ বা অৰ্শ ৰোগীৰ বাবে অমিতা অতি উপকাৰী পথ‍্য । একেৰাহে নিয়মিত কিছুদিন খালে যথেষ্ঠ ভাল ফল পায় ।

4. হৃদৰোগ, ডায়েবেটিচ, উচ্চৰক্তচাপ , অতিৰিক্ত কলেষ্ট্ৰল বৃদ্ধি আদিত অমিতা সেৱন কৰা খুবেই উপকাৰী । 

5. বাতবিষ , গাঁঠি বিষ , দেহ ফুলা, পানী জমা হোৱা আদিৰ বাবে অমিতা উত্তম পথ‍্য ।

6. অমিতাই ক্ষীণ বা শকত লোকৰ দেহৰ ওজন স্বাভাৱিক কৰে । 

7. অমিতা ক্ষাৰধৰ্মী হোৱাৰ বাবে অম্লপিত্ত, এচিডিটি আদি দুৰ কৰে ।

8. মহিলাৰ অনিয়মিত মাহেকীয়া বা অন্যান্য বিকাৰ থাকিলে ( কম মাত্ৰাত) নিয়মিত অমিতা খালে সমস্যা দুৰ হয় ।

9. প্ৰসূতিকালীন মহিলাই অমিতা সেৱন কৰিলে স্তন দুগ্ধ বৃদ্ধি হয়। 

10. নিয়মিত অমিতা খালে মানসিক তথা বয়সৰ চাপ আঁতৰ হয় । 

11. অমিতাই দেহৰ অপকাৰী বেক্টেৰিয়া , ভাইৰাছ, সংক্ৰমণ জনিত ৰোগ দুৰ কৰে।

12. গাৰ ছাল মসৃণ আৰু ছালৰ ৰোগ প্ৰতিৰোধ কৰে । 

13. চকুৰ দৃষ্টিশক্তি তথা চকুৰ নানাবিধ ৰোগৰ বাবে অমিতা নিয়মিত খোৱাতো ভাল।

14. অমিতাৰ ফুল ব্ৰঙ্কাইটিচ, জণ্ডিছ, কিডনী সম্বন্ধীয় ৰোগৰ বাবে হিতকাৰী । 

15. টায়েফ‌ইড জ্বৰত বহুদিন ভুগি থাকিলে আহাৰৰ পিছত ১চামুচকৈ অমিতা বীজৰ গুৰি কিছুদিন খালে আৰোগ্য লাভ কৰে।

16. দেহত বয়সৰ ছাপ কমোৱাত লোৱা ভূমিকা –ভিটমিন-চি , ভিটমিন-ই আৰু এন্টিঅক্সিডেন্ট বাবে এয়া সম্ভৱ ৷

17. মানসিক চাপ (ষ্ট্ৰেচ) কমোৱাত সহায়ক –University of Albama ৰ পৰা প্ৰকাশিত তথ্যমতে ৷

18. জুয়ে পোৰাৰ দাগ অমিতা গছৰ পৰা ওলোৱা বগা ৰস (Latex) লগালে আঁতৰ হোৱাত সহায়ক হয় ৷

19. যিসকল মাতৃৰ স্তনত দুগ্ধৰ উৎপাদন কম, তেনে মহিলাই পকা বা কেঁচা অমিতা খালে উপকৃত হয় ৷



অমিতাৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতা :


1. অমিতা গছৰ পৰা ওলোৱা বগা ৰসৰ (Latex ) কিছুমান মানুহৰ এই লেটেক্সৰ এলাৰ্জি থাকে ৷

2. কেঁচা অমিতা গৰ্ভৱস্থাত খাব নালাগে বিশেষকৈ প্ৰথম তিনিটা মাহত, কিয়নো ই গৰ্ভাশয়ৰ সংকোচন ঘটাই গৰ্ভপাত কৰাব পাৰে ৷


এইখিনি আছিল অমিতাৰ গুণাগুণ আৰু উপকাৰীতাৰ বিষয়ে এটা থূলমূল আভাষ। আমি বজাৰৰ সৰা দিয়া অন্যান্য শাক-পাচলি খোৱাৰ পৰিৱৰ্তে যদি অমিতা বা অন্য ঘৰত হোৱা শাক-পাচলি খোৱাৰ অভ্যাস কৰোঁ তেন্তে আমাৰ স্বাস্থ্য আৰু মন দুয়োটাই সবল হৈ থাকে। ।



Comments